আতচবাজীৰ উল্লাস নে কাৰোবাৰ জীৱনলৈ অন্ধকাৰ? এবাৰ ভাবি চাওক!

দীপাৱলীৰ আনন্দত আতচবাজীৰ বিপদ, অগ্নিকাণ্ডৰ ভয়াৱহতা আৰু আনৰ জীৱন-সম্পত্তিৰ সুৰক্ষাৰ প্ৰতি আমাৰ দায়িত্ববোধৰ এক মানৱীয় আহ্বান।
আতচবাজীৰ উল্লাস নে কাৰোবাৰ জীৱনলৈ অন্ধকাৰ? এবাৰ ভাবি চাওক!
উৎসৱৰ আনন্দত মানৱতা হেৰাই নাযাওক - দীপাৱলী দীপাৱলীত আতচবাজীৰ বিপদ আৰু মানৱতাৰ বাৰ্তা। যোৱাকালি গধূলি আমাৰ ঘৰৰ নিচেই ওচৰতে থকা এটা অট্টালিকা মুহূৰ্তৰ ভিতৰতে জুইৰ লেলিহান শিখাই আগুৰি ধৰিছিল। চকুৰ সন্মুখতে এনে এক ভয়ংকৰ অগ্নিকাণ্ডৰ দৃশ্য প্ৰত্যক্ষ কৰাৰ পিছৰে পৰা মনটো স্বাভাৱিকতেই শংকা, বিষাদ আৰু গভীৰ ক্ষোভেৰে ভৰি পৰিছে। সেই ভয়ংকৰ ঘটনাৰ আতংক মাৰ নৌযাওঁতেই কিছু সময়ৰ পিছতে পাঠশালা চহৰৰ কেইবাখনো দোকান অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ যোৱাৰ খবৰ আহিল। জুইৰ সেই সংহাৰী ৰূপে নিমিষতে যেন একোটা পৰিয়ালৰ সপোন, আশা-আকাংক্ষা আৰু বছৰ বছৰ ধৰি তিলতিলকৈ গঢ়ি তোলা কষ্টোপাৰ্জিত সম্বলখিনি ছাইত পৰিণত কৰিলে। কাৰোবাৰ বাবে সেয়া হয়তো কেৱল কেইটামান জ্বলি যোৱা ঘৰ বা দোকান, কিন্তু যিসকলৰ জীৱনৰ সাঁচতীয়া সম্পদ, জীৱিকাৰ একমাত্ৰ সম্বল আৰু ভৱিষ্যতৰ সপোন সেই জুইত ভস্মীভূত হ'ল, তেওঁলোকৰ বাবে এই ক্ষতি কিমান গভীৰ আৰু যন্ত্ৰণাদায়ক, সেয়া ভাষাৰে প্ৰকাশ কৰাটো সঁচাকৈয়ে কঠিন। এনে হৃদয়বিদাৰক দৃশ্য প্ৰত্যক্ষ কৰাৰ পিছত মনত এটা প্ৰশ্নই বাৰে বাৰে উকমুকাই উঠিছে—উৎসৱৰ আনন্দ উদযাপনৰ নামত আমি ইমানখিনি দায়িত্বজ্ঞানহীন কেনেকৈ হ…