চুতীয়া সকলে কিয় #চাৰি_শালৰ পূজা নকৰে ?? দেউৰী আৰু চুতীয়াৰ ধৰ্মৰ মাজত কিমান মিল আছে আৰু কিমান পাৰ্থক্য??
কি
ছুমান লোকে চুতীয়া সকলৰ বৰ্তমানৰ নীতি-নিয়ম চাই ক'ব বিচাৰে যে চুতীয়া সকলে নিজৰ সকলো ধৰ্মীয় ৰীতি-নীতি হেৰোৱাই পেলালে। কাৰণ সুধিলে ক'ব বিচাৰে যে আজিৰ দিনত চুতীয়া সকলে চাৰি শাল গোসানীক চিনি নাপাই। গতিকে সকলো নীতি-নিয়ম এৰিলে।
দেউৰী আৰু চুতীয়াৰ ধৰ্মৰ মাজত কিমান মিল আছ??
কিন্তু কথাটো ইমান সহজ নহয়। চুতীয়া ধৰ্ম বুলি ক'লে অকল চাৰি শালতে সামৰি থোৱাটো একেবাৰেই ভূল। পৌৰাণিক কালত চুতীয়া সমাজৰ দুই তিনি বিধৰ দেৱী-দেৱতা আছিল। এভাগ হৈছে শদিয়া কেন্দ্ৰত থকা মুখ্য দেৱ-দেৱী, অৰ্থাৎ চাৰি শাল। দ্বিতীয় হৈছে গাঁৱৰ দেৱী-দেৱতা আৰু তৃতীয় ঘৰোৱা ভাবে প্ৰাৰ্থনা কৰা দেৱ-দেৱী।
দেউৰী আৰু চুতীয়াৰ ধৰ্মৰ মাজত কিমান মিল আছ??
চুতীয়াৰ চাৰি শাল গোসাঁনীক একমাত্ৰ শদিয়াৰ চাৰি শালত ৰাজকীয় পূজাৰী দেউৰী সকলে হে পূজা কৰিব পাৰিছিল। একমাত্ৰ দেউৰীৰ চাৰি ফৈদক হে ৰজাঘৰীয়াই পূজা কৰিবলৈ অনুমতি দিছিল। সেই সময়ত চুতীয়া সমাজত বিশ্বাস আছিল যে দেৱীয়ে নিৰ্বাচিত কৰা, অৰ্থাৎ দিবাং নৈৰ পানীৰ পৰা শিল/লিঙ্গ ডাঙি অনা সেই চাৰি জন চুতীয়াৰ বংশধৰ সকলে হে মুখ্য দেৱী-দেৱতা সকলক সন্তুষ্ট কৰিব পাৰে। বাকী প্ৰজা স…